107.Almsgiving

  1. তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে
  2. সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়
  3. আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
  4. এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ
  5. যিসকলে নিজৰ ছালাতত অমনোযোগী
  6. যিসকলে আনক দেখুৱাবলৈহে কৰে
  7. আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।