106.Quraysh

  1. যিহেতু ক্বুৰাইছসকল অভ্যস্ত
  2. শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।
  3. এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।
  4. যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।