102.Competition

  1. প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
  2. যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
  3. কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
  4. আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
  5. কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।
  6. নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা।
  7. আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
  8. তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।