101.The Calamity

  1. ভীতিপ্ৰদ মহা বিপদ।
  2. ভীতিপ্ৰদ মহা বিপদ কি
  3. ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা
  4. সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
  5. আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে।
  6. এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব
  7. তেওঁ থাকিব সন্তোষজনক জীৱনত
  8. আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব
  9. তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
  10. আৰু তুমি কি জানা সেইটোনো কি
  11. ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।